09/03/2019 - 16:43
in
মঙলদৈঃ ভুৱা ফেছবুক একাউণ্ট খুলি ছিপাঝাৰৰ এগৰাকী যুৱতীৰ ফটো আপলোড দি অশ্লীল মন্তব্যৰে শালীনতা হানি কৰাৰ অপৰাধত ছিপাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন যুৱকক৷ খৈৰাবাৰীৰ ৰিতুল ভট্টাচাৰ্যই ছিপাঝাৰৰ এগৰাকী যুৱতীৰ ফটোসহ অশ্লীল মন্তব্য ফেছবুকত ভুৱা একাউণ্ট খুলি আপলোড দিছিল৷
যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত ছিপাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰ কলিতা আৰু দৰং জিলা আৰক্ষীৰ চাইবাৰ চেলৰ উপ-পৰিদৰ্শক কৃষ্ণ কান্ত লস্কৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অভিযান চলাই খৈৰাবাৰীৰ পৰা অভিযুক্ত যুৱকজনক আটক কৰে৷ সম্প্ৰতি ছিপাঝাৰ আৰক্ষীয়ে ৫৯১/১৯ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত চলাই আছে৷ আনহাতে দৰং আৰক্ষীয়ে জনোৱা মতে আন আন এনে কেতবোৰ ভুৱা একাউণ্টৰ ওপৰতো নজৰ ৰাখিছে। লগতে এনেকুৱা কামৰ পৰা সকলোকে বিৰত থাকিবলৈ দৰং আৰক্ষীৰ ফালৰ পৰা আহ্বান জনাইছে।