ডিকম জাতীয় বিদ্যালয়ত ৩৬ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস পালন

 09/03/2019 - 16:46

ডিব্ৰুগড়ঃ সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড় জিলাৰ ডিকম জাতীয় বিদ্যালয়ত পুৱা ৭ বজাৰ পৰা ৩৬ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস পালন কৰে। পুৱাই ডিকম জাতীয় বিদ্যালয়ৰ পৰা ১০ কিঃমিটাৰ দৌৰ আৰম্ভ হয়। ৩৬ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসত ফ্লেগ অফ কৰে ডিকম জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বীৰেণ ফুকন আৰু ৰাজ্যিক খেলুৱৈ সত্য নাথ দুৱৰাই।

উক্ত অভিৰুচি ক্ৰীড়া দিৱসত ডিকম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ টিকেন্দ্ৰজিৎ পাটগিৰি, বহু কেইজন শিক্ষক-শিক্ষয়িত্ৰী, স্থানীয় শিক্ষাবিদ আৰু সমাজ সেৱক সকলে অনুষ্ঠানত আগভাগ লয়। আনহাতে ডিকমৰ বিশিষ্ট যুৱ ব্যৱসায়ী তথা সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি অজয় গগৈয়ে অভিৰুচি ক্ৰীড়া দিৱসত অংশগ্ৰহণ কৰা ছাত্র-ছাত্ৰীৰ লগতে গণ্য মান্য ব্যক্তিসকলক লঘু আহাৰ বিতৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.