নগৰবেৰাঃ অৱশেষত যেন টোপনি ভাঙিল পশ্চিম কামৰূপ বন বিভাগৰ। দীৰ্ঘদিন ধৰি বকো সমষ্টিৰ বিভিন্ন এলেকাত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ পিছতো টু শব্দ এটা নকৰা বন বিভাগ যেন সাৰ পালে। বিশেষকৈ নগৰবেৰা ৰেঞ্জ অফিচৰ সোঁৱে বাঁওৱে চোৰাং কাঠৰ বৃহৎ বজাৰ আৰু অতি কমেও এশটা কাঠফলা মিল চলি থকাৰ পিছতো নগৰবেৰা ৰেঞ্জৰ বিষয়া কৰ্মচাৰী সকল নীৰৱ দৰ্শক। অৱশেষত সোমবাৰে নিশা পশ্চিম কামৰূপ বন সংমণ্ডলৰ DFO ৰঞ্জন গোস্বামীৰ নেতৃত্বত বন বিভাগৰ বৃহৎ দল এটাই অভিযান চলাই ছয়গাঁৱৰ আলিকাষ পাৰঘাটৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।
আলিকাষ পাৰঘাটত ঘোঁৰা গাড়ীৰে ফলা শাল কাঠখিনি আনি ভূটভুটিত উঠাওতেই বন বিভাগৰ দলে জব্দ কৰে কাঠখিনি। অভিযানত শিংৰা আৰু বামুণিগাঁও ৰেঞ্জৰ বন কৰ্মী সকলে সহযোগ কৰে। নিশাৰ এই অভিযানত জব্দ কৰা প্ৰায় ২০০ ছি এফ টি চোৰাং পুৱাই নগৰবেৰা ৰেঞ্জ অফিচলৈ আনে বন বিভাগৰ এটা দলে। ইপিনে নগৰবেৰা ৰেঞ্জাৰ আৰু বন কৰ্মী সকলৰ কৰ্মকাণ্ডই চকু কপালত তুলিছে সচেতন লোকৰ। ভূটভূটী নাওৰ পৰা চোৰাং কাঠ সমুহ শিশু শ্ৰমিক লগাই কাৰ্যালয় চৌহদলৈ নিয়াটো অযুক্তিকৰ। স্বয়ং চৰকাৰী কৰ্মচাৰী সকলে শিশুৰ জৰিয়তে শ্ৰম কৰাটো অক্ষমণীয়।