মানকাচৰঃ চৰকাৰে নিৰ্ধাৰণ কৰা সমাজ কল্যাণ বিভাগৰ ৰাষ্ট্ৰীয় পুষ্টি মাহ ১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে নিৰ্ধাৰিত আৰু লগতে পোষণ অভিযানো একেই। দক্ষিণ শালমাৰা মানকাচৰ জিলাত আজি ফেকামাৰী সমাজ কল্যাণৰ খণ্ড ভিত্তিত মাহটোৰ পোষণ অভিযান আৰম্ভ কৰে। মাহজোৰা পোষণ অভিযানৰ আজি প্ৰথম দিন৷ উক্ত দিনা পোষণ অভিযানত অঞ্চলটোৰ পাঁচগৰাকী ছুপাৰভাইজাৰ কহিনুৰ বেগম আৰু চাৰিজনী ছুপাৰভাইজাৰ উপস্থিত থকাৰ লগতে অঙ্গনবাড়ী কৰ্মী, সহায়ককে ধৰি দুই শতাধিক কৰ্মচাৰী আৰু স্থানীয় ৰাইজে একত্ৰিত হৈ ফেকামাৰী অঞ্চলত সমদল উলিয়ায় ৰাষ্ট্ৰীয় পুষ্টি মাহ পালন কৰাৰ লগতে ৰাষ্ট্ৰীয় পুষ্টি অভিযানত অঙ্গনবাড়ী বিষয়া কৰ্মীসকলে প্ৰতিটো ঘৰৰ ল’ৰা-ছোৱালীক পৰিষ্কাৰ পানী আৰু পুষ্টিকৰ খাদ্য যোগান ধৰিব বুলি শপত গ্ৰহণ কৰে৷
লগতে গৰ্ভৱতী মহিলাই পুষ্টিকৰ আহাৰ লোৱা আৰু বাল্যবিবাহ ৰুধিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। অঙ্গনবাড়ী কৰ্মীসকলে বাল্য বিবাহ বন্ধ কৰক, ছেপ্টেম্বৰ মাহক ৰাষ্ট্ৰীয় পুষ্টিকৰ মাহ হিচাপে পালন কৰক আদি শ্লোগানেৰে আকাশ-বতাহ কপাই তোলে। উল্লেখ্য যে ছেপ্টেম্বৰ মাহক পুষ্টিকৰ মাহ হিচাপে লৈ অঙ্গনবাড়ী বিষয়া কৰ্মীসকলে প্ৰতিটো গাঁও আৰু চহৰৰ অঙ্গনবাড়ী কেন্দ্ৰ আৰু বিদ্যালয়সমূহত পৰিষ্কাৰ পানী আৰু পুষ্টিকৰ আহাৰ যোগান ধৰিব নে নাই এই ক্ষেত্ৰত সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ’ব।