শিৱসাগৰঃ আজি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন বঁটা প্ৰাপক বৰ্ষীয়ান ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ ওপজা দিন| ১৯৩৭ চনৰ এই দিনটোতে জন্ম গ্ৰহণ কৰা এইগৰাকী দৌৰবিদে ১৯৬৬ আৰু ১৯৭০ চনত বেংকক এচিয়ান গেমচত ক্ৰমে স্বৰ্ণ আৰু ৰূপৰ পদক জয় কৰি দেশবাসীক গৌৰৱান্বিত কৰিছিল| অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ, বহু নতুন ক্ৰীড়া প্ৰতিভাৰ গড ফাদাৰ স্বৰূপ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো ১৯৮৩ চনৰ পৰা সমগ্ৰ ৰাজ্যতে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি অহা হৈছে|
জীৱন্ত কিম্বদন্তীজনৰ নামত উদযাপিত এই দিৱসেও আজি ৩৬ বছৰ সম্পূৰ্ণ কৰিলে| অভিৰুচি দিৱস উপলক্ষে গৃহভূমি শিৱসাগৰত ৰংপুৰজ্যোতি ক্লাবত আয়োজন কৰা হয় বিশেষ অনুষ্ঠান| নগৰত বাহিৰ কৰা হয় মাৰাথন দৌৰ| শেষত সকলো সমবেত হয় ভোগেশ্বৰ বৰুৱাৰ একমাত্ৰ প্ৰতিমূৰ্তিটোৰ কাষত| এইগৰাকী দৌৰবিদে ১৯৬৬ চনত বেংকক এচিয়ান গেমচত ৪০০ মিটাৰ দৌৰত সোণৰ পদক জয় কৰি দেশবাসীক গৌৰৱান্বিত কৰিছিল| ১৯৬৭ চনত ভাৰত চৰকাৰে ভোগেশ্বৰ বৰুৱাক অৰ্জুন বঁটাৰে সন্মানিত কৰে|