আমিনগাঁওঃ গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এই বৃহৎ অঞ্চলটো উত্তৰ গুৱাহাটী নগৰ সমিতিৰ অধীনত আছে। উত্তৰ গুৱাহাটী নগৰ সমিতিৰ ওপৰত ৰাইজৰ বহু অভিযোগ আছে। বিশেষকৈ পানী যোগান, নলা নৰ্দমা, পথ নিৰ্মাণ, প্ৰধানমন্ত্ৰী আৱাস গৃহ আৱণ্টন, আধাৰ কাৰ্ড, অটল অমৃত যোজনা ইত্যাদিৰ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰা ব্যাপক অনিয়মৰ অভিযোগ বিভিন্ন সময়ত স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে।
উত্তৰ গুৱাহাটী নগৰ সমিতিৰ কৰ্মচাৰীসকলৰ অনিয়মীয়া উপস্থিতৰ বাবে কাৰ্যালয়ত কামৰ গতি স্তব্ধ হৈ পৰিছে। ইয়াৰ ফল ভুগিছে সৰ্বসাধাৰণ ৰাইজে। সাধাৰণ পি আৰ চি এখন বনাবলৈ ছয় সাতদিন প্ৰয়োজন হয়। সৰহ সংখ্যক কৰ্মচাৰী দিনৰ ১২ বজালৈকে কাৰ্যালয়ত উপস্থিত নথকা ৰাইজৰ অভিযোগ আছে যদিও এইক্ষেত্ৰত অধ্যক্ষা নিৰ্মালী দাসে বিশেষ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। ভুক্তভোগী ৰাইজে শীঘ্ৰে এই অভিযোগসমূহ দূৰ কৰি কৰ্মচাৰীৰ উপস্থিতি নিয়মীয়া কৰাৰ লগতে কাম-কাজবোৰ স্বচ্ছ কৰিবলৈ আহ্বান জনাইছে।