গুৱাহাটীঃ শ্ৰী জগন্নাথৰ আবাসৰ পৰা মা-কামাখ্যাৰ দ্বাৰলৈ ইণ্ডিয়াজ ৱেষ্ট কিপ্ট ছিক্ৰেট উপস্থাপন কৰিবৰ বাবে উৰিষ্যাই গুৱাহাটীত অনুষ্ঠিত কৰিব পৰ্যটন সন্মিলন। শনিবাৰে এখন সংবাদমেলত এই কথা ঘোষণা কৰে উৰিষ্যা পৰ্যটন বিভাগে। ফিকিৰ উদ্যোগত আয়োজিত তথা গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে উৰিষ্যাৰ পৰ্যটন মন্ত্ৰী জ্যোতিপ্ৰকাশ পাণিগ্ৰহী উপস্থিত হৈছে গুৱাহাটীত।
উল্লেখযোগ্য যে ৰাজ্যখনৰ সংশ্লিষ্ট অভিযান ইতিমধ্যেই মুম্বাই, নতুন দিল্লীকে ধৰি কেইবাখনো ঠাইত সফলতাৰে সম্পন্ন হৈছে। ইয়াৰ ভিতৰত আছিল বিভিন্ন ট্ৰেভেল এজেণ্টসকলৰ মাজত ‘ৰেপিড বি ২ বি’ নেটৱৰ্কিং বৈঠক। উল্লেখযোগ্য যে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনত ৰাজ্যখনৰ পৰ্যটন বিভাগৰ সঞ্চালক নিৰ্মল চন্দ্ৰ মিশ্ৰই উৰিষ্যাত থকা বিভিন্ন পৰ্যটনৰ সম্ভাৱনীয়তাৰ বিষয়ে এক আলোকপাত কৰে।
পৰ্যটন বিভাগে উপস্থাপন কৰা বিষয়সমূহে সামৰি ল’ব উৰিষ্যা পৰ্যটনৰ সম্ভাৱনীয়তা থকা বিভিন্ন গুৰুত্বপূৰ্ণ দিশ। ২০১৮ চনত সৰ্বমুঠ ১.৫ কোটি পৰ্যটকৰ আগমণ ঘটা উৰিষ্যালৈ ২০২১ চনত এই পৰ্যটক সংখ্যা ২.৫ কোটিলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। ৰাজ্যখনৰ পৰ্যটন বিভাগৰ বিভিন্ন কাৰ্যাৱলী তথা পদক্ষেপৰ ভিতৰত অন্যতম হৈছে ইয়াৰ ভাৰ্ছুৱেল ট্যুৰিজম ড্ৰাইভ, যিটো উপলব্ধ হৈছে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পুৰস্কৃত ৱেবছাইট odishatousm.gov.in ত৷