লখিমপুৰৰ বঙালমৰাত জালনোট ব্যৱসায়ী গ্ৰেপ্তাৰ

 09/03/2019 - 18:53

লখিমপুৰঃ লখিমপুৰৰ বঙালমৰাত গ্ৰেপ্তাৰ জালনোট ব্যৱসায়ী৷ ধৃত ব্যৱসায়ীজনৰ নাম হামিদ আলী ওৰফে মণ্ডল৷ দীৰ্ঘদিনৰ পৰা জালনোট ব্যৱসায়েৰে লুটি আহিছিল লাখ-লাখ টকা৷ মঙলদৈ থানাত মণ্ডলৰ বিৰুদ্ধে ৰুজু হৈ আছিল গোচৰ৷কিছুদিন পূ্ৰ্বে বহিঃৰাজ্যৰ লোকক জালনোটেৰে কৰিছিল প্ৰৱঞ্চনা৷ সেই লোক সকলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল জালনোট বনোৱা মেচিন৷ উক্ত গোচৰৰ ভিত্তিতে বঙালমৰা আৰক্ষীয়ে আটক কৰে মণ্ডলক৷মঙলদৈ আৰক্ষীয়ে জিম্মাত লয় অভিযুক্তটোক৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।