দেৰগাঁওঃ অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী শ্ৰী ভোগেশ্বৰ বৰুৱাৰ জন্ম দিন উপলক্ষে ৩৬ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উলহ -মালহেৰে পালন কৰে দেৰগাঁও ক্ৰীড়া সন্থা ভৱনত৷ নৱ নিৰ্বাচিত সম্পাদক জিতুল শইকীয়াৰ তত্ত্বাৱধানত এক সুন্দৰ কাৰ্য্যসূচী উদযাপন কৰা হয়৷ এই কাৰ্য্যসূচীৰ আঁত ধৰে ৰাজু উপাধ্যায়ে৷ আজি পুৱা ৭বজাত পতাকা উত্তোলন কৰে নৱ নিৰ্বাচিত সভাপতি বুবুল বৰাই৷ এই অনুষ্ঠানত প্ৰাক্তন খেলুৱৈ পোনা নাথ আৰু হিতেশ্বৰ বৰুৱাক সম্বৰ্ধনা জনোৱাৰ লগতে মিষ্টাৰ ইণ্ডিয়া ধ্ৰুৱ তামুলী, দেৰগাঁও ব’কচিং প্ৰশিক্ষক দিগন্ত নাথ আৰু শিশু গগৈক সম্বৰ্ধনা জনায়৷ ইয়াৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী সকলে সমুহীয়া দৌৰত অংশগ্ৰহন কৰে। এই সমুহীয়া দৌৰ উন্মোচন কৰে দেৰগাঁও পৌৰসভাৰ পৌৰপতি অৰুণাভ কলিতাই৷ এই অনুষ্ঠানত দেৰগাঁও ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা কালৰ জেষ্ঠ নাগৰিক নোমল খাউণ্ড নাগৰিক সন্থাৰ সভাপতি ও দেৰগাঁও ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি কুতুবুদ্দিন আহমেদকে আদি কৰি নতুন পূৰণি সকলো ক্ৰীড়া সন্থাৰ বিষয় ববিয়া উপস্থিত থাকে৷ ইয়াৰ উপৰিও অ’ল ষ্টাইল মাৰ্ছেল আৰ্ট একাডেমি প্ৰশিক্ষক সঞ্জীৱ বৰা সভাপতি প্ৰভাত বৰুৱা কাৰ্য্যকৰী সভাপতি সত্যজিৎ হাজৰিকা বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, আপকুৰ বিষয়ববিয়াকে আদি কৰি বহুতো অনুষ্ঠানে এই কাৰ্য্যসূচী অংশগ্ৰহণ কৰা হয়৷