প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক উভতি ধৰিলে আমছুয়ে

 09/03/2019 - 19:15

খাৰুপেটিয়াঃ ২০১০ চনত বৰপেটাত এন. আৰ. চি ৰ পাইলট প্ৰজেক্ট ত সংঘটিত হোৱা ভয়াবহ হিংসাত্মক ঘটনাৰ বাবে একমাত্ৰ আমছু জগৰীয়া বুলি মন্তব্য কৰা প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈক উভতি ধৰিলে আমছুৱে। প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ভাষ্যত ক্ষোভিত হৈ আমছুৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে এক সংবাদমেল আয়োজন কৰি কয় বৰপেটাৰ পাইলট প্ৰজেক্টৰ সময়ত সংঘটিত হোৱা ঘটনাৰ মূল দায়ী সেই সময়ৰ চৰকাৰ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে অসম আৰক্ষীয়ে আমছুৰ চাৰিজনকৈছাত্র নেতাক গুলীয়াই হত্যা কৰিছিল। আৰম্ভণিৰ পৰাই গগৈ চৰকাৰে খনে সংখ্যালঘুক নি:শেষ কৰাৰ কাৰণে এক ষৰযন্ত্ৰ চলাই আহিছে। আমছুৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক সকীয়াই দি কয় সংখ্যালঘু জনসাধাৰণক উদ্দেশ্য কৰি কোনো মন্তব্য নিদিবলৈ আহ্বান জনায়। অন্যাথাই পৰিস্থিতি ভয়ানক হব বুলি হুংকাৰ দিয়ে আমছুৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।