কাকপথাৰঃ সমগ্ৰ অসমৰ বাগিছা এলেকা সমূহৰ লগতে কাকপথাৰৰ এম কে চাহ এক্সপোৰ্ট লিমিটেড অধীনৰ কুমচাং চাহ বাগিছাটো অসম চাহ জনজাতি ছাত্ৰ সন্থা কুমচাং শাখাই শতাংশ বোনাচৰ দাবীত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ বাগিছাখনৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদ৷ আটছাৰ বিষয় ববীয়া সকলে জানিবলৈ দিয়া মতে বাগিছাৰ শ্ৰমিক সকলক দীৰ্ঘদিনৰ পৰাই বাগিছা কৰ্তৃপক্ষই শোষণ কৰি আহিছে৷ তেওঁলোকৰ প্ৰাপ্যৰ পৰা তেওঁলোকক নানা অজুহাত দেখুৱাই বঞ্চিত কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে৷
শেহতীয়াকৈ দুৰ্গা পূজাৰ প্ৰাক ক্ষণত পূজাৰ লগত সংগতি ৰাখি পূৰ্বৰে পৰা যি ২০শতাংশ বোনাচ প্ৰদান কৰি আহিছে সেই বোনাচ বাগিছাৰ মালিক পক্ষই এইবাৰ ৮শতাংশলৈ হ্ৰাস কৰাৰ বিষয়টোত তীব্ৰ বিৰোধিতা প্ৰদৰ্শন কৰিছে আটছাই৷ লগতে জানিবলৈ দিয়ে যে চাহ শ্ৰমিক সকলক শিক্ষাৰ দিশত আগবাঢ়ি যোৱাটো বাগিছা কৰ্তৃপক্ষই নিবিচাৰে৷ সেইবাবে চাহ বাগিছা অন্তৰ্গত এলেকা সমূহত শিক্ষা ব্যৱস্থা পুতৌজনক৷ যদি আটছাৰ দাবীসমূহ বাগিছাৰ কৰ্তৃপক্ষই মানি নলয় তেন্তে আগন্তুক সময়ত ইয়াতকৈও তীব্ৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি জানিবলৈ দিয়ে৷ প্ৰতিবাদৰ অন্তত আটছাৰ কৰ্মী সকলে কুমচাং চাহ বাগিছাৰ পৰিচালকক এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷