অভয়াপুৰীত পাৰ্বতীপুৰত পাৰ্বতী মন্দিৰ পুনৰ প্ৰতিষ্ঠা

 09/04/2019 - 13:30

অভয়াপুৰঃ বঙাইগাঁও জিলাৰ অভয়াপুৰী ২ নং দেওহাটী পাৰ্বতীপুৰত থকা ৰজা দিনীয়া ঐতিহাসিক পাৰ্বতী মন্দিৰৰ পুনৰ প্ৰতিষ্ঠা দিৱস মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। কাৰ্যসূচী অনুসৰি মঙলবাৰৰ পুৱাৰে পৰা পূজা অৰ্চনা নাম কীৰ্তন আদিৰে মন্দিৰৰ চৌহদ মুখৰিত হৈ পৰে। পুৱাৰে পৰা মন্দিৰ প্ৰাঙ্গনত পূজা আগবঢ়োৱাৰ বাবে বহু লোকৰ সমাগম হয়। পাৰ্বতী মা নামতি দলে নাম পৰিবেশন কৰে। জনশ্ৰুতি অনুসৰি ঐতিহাসিক এই মন্দিৰটো কুখ্যাত কালা পাহাৰে ধ্বংস কৰিছিল। পাছত ভগ্নাবেশ উদ্ধাৰ হোৱাত ১৯৬২ চনত পুনৰ প্ৰতিষ্ঠা কৰে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।