09/04/2019 - 14:18
in
জনীয়াঃ অহা ২ অক্টোবৰত বৰপেটা জিলাৰ অন্তৰ্গত জনীয়াত উদযাপিত হব নামনি অসম ভিত্তিত গান্ধী জয়ন্তী। এই ঘোষনা তৃণমূল কংগ্ৰেছ, জনীয়া আঞ্চলিক কমিটিৰ। যোৱা মঙ্গলবাৰে এই সন্দৰ্ভত জনীয়া ভি আই পি হোটেলত এখন সভা অনুষ্ঠিত হয়। বিশিষ্ট সমাজকৰ্মী তথা সংগ্ৰামী জ্যেষ্ঠ নেতা আব্দুল জলিল তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে তৃণমূল কংগ্ৰেছ, জনীয়া আঞ্চলিক কমিটিৰ সম্পাদক ৰফিকুল ইছলামে।
সভাত সমন্বয় ৰক্ষী সাংস্কৃতিক অনুষ্ঠানৰ সম্পাদক ইমান আলী, জনীয়া আঞ্চলিক চিনিয়ৰ মাদ্ৰাছাৰ অধীক্ষক আয়নাল হক চৌধুৰী, সমাজ সচেতক আব্দুৰ ৰহমান, সাংবাদিক আবুল হুছেইন, কান্দাপাৰাৰ জালাল উদ্দিনকে ধৰি বহু কেইগৰাকীয়ে গান্ধীজয়ন্তী উদযাপনৰ সপক্ষে বক্তব্য প্ৰদান কৰে।