বিজনীত ১০বছৰীয়া শিশুক ধৰ্ষণৰ চেষ্টা

 04/04/2019 - 20:02

বিজনী: চিৰাঙ জিলাৰ বিজনী পানবাৰী থানাৰ অন্তৰ্গত ১নং ধলাদন্দা গাঁ‍ৱৰ দহ বছৰীয়া কন্যা শিশুক ধৰ্ষণৰ প্ৰচেষ্টাৰ অভিযোগত বিজনী ২ নং চিকাঝৰাৰ প্ৰদীপ দাস (৪৮) লোকজনৰ বিৰুদ্ধে আজি পানবাৰী থানাত এজাহাৰ দাখিল কৰা হয়।

অভিযোগ অনুসৰি, যোৱা ৩১মাৰ্চ দেওবাৰে বিয়লি অনুমানিক তিনিমান বজাত ধুমুহা বতাহ বৰষুণ হৈ থকাৰ সময়ত ধলাদন্দা গাঁ‍ৱৰ দহ বছৰীয়া কন্যা শিশুৰ ঘৰত প্ৰৱেশ কৰি ধৰ্ষণৰ চেষ্টা চলায়। পিছত নাবালিকাগৰাকীয়ে পলায়ন কৰি আত্মৰক্ষা কৰে।

পিছত ঘৰত দেউতাক আৰু আইতাক কামৰ পৰা উভতাৰ পাছত এই ঘটনাৰ বিষয়ে অবগত কৰাৰ লগতে স্থানীয় মহিলা সমিতিৰ কাষ ছাপে। তাৰ পিছত তৃনয়নী সংঘ মহিলা সমিতি লগত লৈ পৰিয়ালৰ লোকে বিজনী পানবাৰী থানাত এজাহাৰ দাখিল কৰে।

এজাহাৰ মৰ্মে প্ৰদীপ দাসক অজি আটক কৰি ২২/২০১৯ নম্বৰৰত গোচৰ ৰুজু কৰে। ইফালে, প্ৰদীপ দাসসহ পৰিয়ালৰ লোকে এই অভিযোগ মিছা বুলি ব্যক্ত কৰি তেওঁলোকৰ পূৰ্বৰেপৰা মাটিকলৈ কন্দল থকা বুলি জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।