বৰপেটাৰোডত নীলকান্ত পাটোৱাৰী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

 09/04/2019 - 15:14

বৰপেটাঃ বুধবাৰে বৰপেটা ৰোডত আৰম্ভ হৈছে নীলকান্ত পাটোৱাৰী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। বৰপেটাৰোড ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু বৰপেটা জিলা ক্ৰীড়া সন্থাৰ সহযোগত  বৰপেটাৰোড ষ্টেডিয়ামত আৰম্ভ হোৱা খেলখন উদ্বোধন কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা অসম ফুটবল সন্থাৰ সভাপতি নৱ কুমাৰ দলে আৰু সৰভোগ বিধান সভা সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে।

খেলখনত টীম আভাই বৰপেটাৰোড স্পোৰ্টচ এচ'ছিয়েচন দলক ২-০ গ'লৰ ব্যৱধানত পৰাজিত কৰে৷ বিজয়ী দলৰ হৈ দুয়োটা গ'ল স্ক'ৰ কৰে নেনোই৷ খেলখন আৰম্ভ হোৱাৰ পূৰ্বে বৰপেটা ৰোড পেভিলিয়ন গৃহ উদ্বোধন কৰে দুয়োগৰাকী প্ৰতিনিধিয়ে।

উদ্বোধনী অনুষ্ঠানত প্ৰয়াত নীলকান্ত পাটোৱাৰীৰ পৰিয়ালবৰ্গ, বৰপেটাৰ আৰক্ষী অধীক্ষক ডা: ৰবীন কুমাৰ, জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ লগতে বৰপেটা ৰোডৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ খেলখন পৰিচালনা কৰে নৃপেন তালুকদাৰ, হাচমত আলী বিজন নাথ আৰু হাবিবুল ফিদ্দুছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.