শিক্ষক দিৱস উপলক্ষে মৈৰাবাৰীৰ এখন বিদ্যালয়ত এক অগতানুগতিক কাৰ্যসূচী

 09/04/2019 - 16:56

মৈৰাবাৰীঃ মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত এখন বিদ্যালয় হৈছে মৈৰাবাৰী এম ই মাদ্ৰাছা। ১৯৩৫ চনতে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল শেৱালী কবি ৰত্ন কান্ত বৰকাকতিয়ে। সাহিত্য সাধনাৰ লগতে অঞ্চলটোক শিক্ষাৰ দিশত আগবঢ়াই নিবৰ বাবে যি নিৰলস চেষ্টা কৰিছিল তাৰ জলন্ত সাক্ষী এই মাদ্ৰাছাখন। শিক্ষক দিৱস উপলক্ষে প্ৰতি বছৰে মৈৰাবাৰী এম ই মাদ্ৰাছাত গ্ৰহণ কৰি অহা হৈছে বিশেষ কাৰ্যসূচী।

এইবাৰো বিগত বৰ্ষৰ দৰে বিদ্যালয়খন সজোৱা হৈছে সুন্দৰকৈ। শেৱালী কবি ৰত্ন বৰকাকতিৰ স্মৃতিত পাঁচ ছেপ্টেম্বৰত এটি বঁটা প্ৰদান কৰা হয় স্কুলখনত কৰ্মৰত একোজন শিক্ষকক। এখন সমিতিয়ে নিৰ্বাচন কৰে এই বঁটাৰ বাবে এজন শিক্ষকক। স্কুলত শিক্ষকজনৰ উপস্থিতি, তেওঁৰ বিষয়ত ছাত্ৰ-ছাত্ৰীৰ পাৰদৰ্শিতা আদি দিশ চাই সমিতিয়ে বছৰৰ শ্ৰেষ্ঠ শিক্ষক এজন নিৰ্বাচন কৰি শিক্ষক দিৱসৰ দিনা প্ৰদান কৰে শেৱালী বঁটা।

তদ্ৰুপ ছাত্ৰ-ছাত্ৰীৰ মাজতো মেধাৰ ভিত্তিত প্ৰদান কৰা হয় শেৱালী বঁটা। এইবাৰ স্কুলখনৰ কাৰ্যসূচীত ভাগ ল’ব স্কুলখনত পঢ়ি বৰ্তমান শিক্ষাবিদ আই এ এছ বিষয়া হিচাপে কাৰ্যনিবাহ কৰা কেবাজনো বৰেন্য ব্যক্তিয়ে। মৈৰাবাৰী এম ই মাদ্ৰাছাৰ শৈক্ষিক বাতাবৰনো বহু উন্নত। শেৱালী কবি জনাৰ নাম জিপাল কৰি ৰাখিবৰ বাবেই স্কুলৰ শিক্ষক গোট আৰু পৰিচালনা সমিতিয়ে গ্ৰহন কৰি আহিছে নানা পদক্ষেপ। প্ৰধান শিক্ষক হিপজুৰ ৰহমানে বেচৰকাৰী বিদ্যালয়সমূহৰ দৰেই চৰকাৰী বিদ্যালয়সমূহতো ভাল পৰিবেশ সৃষ্টিৰ ক্ষেত্ৰত গুণোৎসৱে যথেষ্ট ভাল ফল দেখুওৱাৰ কথা ক’লে সাংবাদিকৰ আগত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।