নিশাৰ অন্ধকাৰত দুবৃৰ্ত্তৰ আক্ৰমণ

 04/04/2019 - 20:17

ডিজিটেল ডেস্কঃ যোৱা ৩০-৩-২০১৯ তাৰিখে বাস্কা জিলাৰ দৰঙামেলা গাঁৱৰ মঃ আলি নামৰ ব্যক্তিজনৰ ঘৰত নিকটবৰ্তী নিবাসী মঃআনোৱাৰ হুচেইন ,হানিফ আৰু আবু্‌ল নামৰ লোককেইজনে নিশা আক্ৰমণ কৰে।

ঘৰৰ প্ৰতিজন ব্যক্তিক মাৰ-ধৰ কৰাৰ লগতে অত্যাচাৰীৰ কবলৰ পৰা সাৰি নগ’ল কণমাণি শিশুয়ো। মঃ আলি চিৰ জীৱনৰ বাবে ঘুণীয়া হৈ পৰে। ভুক্তভোগী পৰিয়ালে  স্থানীয় থানাত এজাহাৰ দাখিল কৰে।

যোৱা বুধবাৰে এই কথাৰ প্ৰতিবাদ জনায় আছু,আমছু এবিমএছইউয়ে। স্থানীয় ৰাইজে ঘটনাটোৰ তীব্ৰ গৰিহনা দিছে লগতে দোষীৰ উপযুক্ত শাস্তি দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।