চিথিলাত দলবদ্ধ আক্ৰমণঃ সংকটজনক অৱস্থাত এজন চিকিৎসাধীন

 09/04/2019 - 17:23

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ চিথিলাত ছাগলীয়ে গছ খোৱাক কেন্দ্ৰ কৰি এগৰাকী মহিলাক দলবদ্ধভাৱে আক্ৰমণ কৰাৰ লগতে মহিলাগৰাকীৰ শহুৰেক বাচ্চু মালী (৬০)ক ৰড, দাৰে আক্ৰমণ কৰাত সম্প্ৰতি গুৰতৰভাৱে আহত হৈ সংকটজনক অৱস্থাত কোকৰাঝাৰ এম.আৰ.এম নামৰ ব্যক্তিগত চিকিৎসালয় ভৰ্তি হৈ আছে৷

ঘটনা সংক্ৰান্তত বাচ্চু মালীৰ পুত্ৰ গোপাল মালীয়ে চিথিলা আৰক্ষী চকীত আক্ৰমণকাৰী ক্ৰমে কেতু বৰ্মন, কমলেশ্বৰ বৰ্মন, দ্বীপক বৰ্মন আৰু নগৰ বৰ্মনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা হাতত লোৱা নাই৷ লক্ষণীয় যে যোৱা ১ চেপ্তেম্বৰৰ নিশা ৯ বজাত সংঘটিত হোৱা দলৱদ্ধ আক্ৰমণত বাচ্চু মালীয়ে চিকিৎসালয়তে মৃত্যুৰ সৈতে যুুঁজি আছে যদিও আৰক্ষীয়ে আচামীক ৰক্ষনাবেক্ষন দিয়াৰো অভিযোগ উঠিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।