তিনিচুকীয়াঃ উজনি অসমৰ তিনিচুকীয়াত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা৷ তিনিচুকীয়া জিলাত ধৰাবাহিকভাৱে ইখনৰ পিছত সিখন চোৰাং কাঠভৰ্ত্তি ট্ৰাক আৰক্ষী আৰু বন বিভাগে জব্দ কৰাৰ ঘটনাই পোহৰলৈ আনিছে উজনি অসমত চলি থকা চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়ৰ ভয়ংকৰ তথ্য৷ অৰুণাচলৰ পৰা অনা অবৈধ চোৰাং কাঠ সমূহ তিনিচুকীয়া চহৰৰ মাজেদি ৰাজ্যখনৰ বিভিন্ন স্থানলৈ চোৰাং ভাৱে সৰবৰাহ কৰি থকাৰ সময়তে সোমবাৰে নিশা তিনিচুকীয়াত পুনৰ এখন চোৰাং কাঠ ভৰ্ত্তি ট্ৰাক জব্দ কৰে তিনিচুকীয়া আৰু ডুমডুমাৰ বন বিভাগে৷
জানিব পৰা মতে ধলাৰ চোৰাং কাঠ মাফিয়া ৰাজু মেধিয়ে নথি-পত্ৰ নকল কৰি অবৈধভাবে চোৰা কাঠসমূহ সৰবৰাহ কৰিছিল৷ বন বিভাগে এক গোপন সূত্ৰৰ পমখেদি কাঠভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়৷ ইপিনে সংবাদ মাধ্যমতো ধাৰাবাহিকভাবে বাতৰি পৰিৱেশন কৰি অহাৰ পিছতো ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মৌন হৈ চাই থকা কাৰ্যই তিনিচুকীয়াবাসীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷