09/04/2019 - 17:28
in
তিনিচুকীয়াঃ বুধবাৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন, তিনিচুকীয়া জিলা সমিতিৰ দুই শতাধিক কৰ্মীয়ে জিলা মিছন সমন্বয়কৰ সন্মূখত সৰ্বভাৰতীয় বিক্ষোভ কাৰ্য্যসূচী কৰি প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে৷
ৰন্ধন কৰ্মী সকলক চৰকাৰী কৰ্মচাৰীৰ মৰ্য্যদা প্ৰদান কৰা, দৈনন্দিন হাজিৰা ৬০০ টকা নিৰ্ধাৰিত কৰা আৰু মধ্যাহ্ন ভোজন আচনি ব্যক্তিগত সংস্থাক দিয়া বন্ধ কৰা আদি শ্লোগান দি স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনায়।