09/04/2019 - 17:40
in
মৰিয়নীঃ মৰিয়নীত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সংবাদমেল। টীয়ক কাণ্ডৰ গইনা লৈ বাগিছাসমূহৰ পৰা চিকিৎসকৰ অব্যাহতিক লৈ উদ্বেগ প্ৰকাশ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। চিকিৎসকবিহীন বাগিছাত লাখ লাখ শ্ৰমিকৰ জীৱনৰ প্ৰতি অহা ভাবুকিত উদ্বেগ বিধায়ক কুৰ্মীৰ।
টীয়ক বাগিছাৰ চিকিৎসক হত্যাত জড়িত অপৰাধীৰ কঠোৰ শাস্তি কামনা কৰি বিধায়ক কুৰ্মীয়ে কয় যে অপৰাধীৰ কোনো জাতি নাই। গতিকে অপৰাধীয়ে শাস্তি পাব লাগে। কিন্তু কেইজনমান অপৰাধীৰ বাবে সমগ্ৰ চাহ শ্ৰমিক জগৰীয়া হ’ব নোৱাৰে।