ওৰাংঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এইবাৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাত অন্তৰ্ভূক্ত নহ'ল খিলঞ্জীয়া হাজং জনজাতিৰ ৪০ শতাংশ লোক। অসমত বসবাস কৰা হাজং সম্প্ৰদায়ৰ লোকৰ নাম অন্তভুক্ত নোহোৱাত দোষাৰূপ কৰিছে NRC সমন্নয়ক প্ৰতিক হাজেলাক। ওৰাঙৰ হাজংবষ্টি গাঁৱত বুধবাৰে সংবাদ মেল যোগে এই কথা প্ৰকাশ কৰিলে অসম হাজং জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক অলিক হাজঙে। হাজং জনজাতি লোক সকলে NRCত নাম নহাৰ বাবে উৎকণ্ঠা আৰু ক্ষোভত দিন কটাবলগীয়া হৈছে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা বঞ্চিত উন্নৈশ লাখ লোকৰ ৪০ শতাংশ খিলঞ্জীয়া হাজং জনগোষ্ঠীৰ লোক। আনহাতে ওৰাঙৰ হাজংবষ্টিত অধিকাংশ পৰিয়ালৰ নাম সংকিত হৈছে। ১৯৬৬ চনৰে পৰাই এই হাজং জনজাতিৰ লোক সকলে অসমত বসবাস কৰি আহিছে।
NRC সেৱা কেন্দ্ৰত সকলো যাৱতীয় নথি পত্ৰ জমা দিছে যদিও NRC ত নাম নাহিল। ইয়াকে লৈ এতিয়া ক্ষোভিত হৈছে হাজং জাতীয় পৰিষদ নামৰ সংগঠনটো। অসমত বসবাস কৰা অন্যতম জনজাতি হাজং জনজাতিৰ লোক সকলৰ নাম NRC ত অন্তৰ্ভুক্ত নোহোৱা কাৰ্যই এতিয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ শুদ্ধতাৰ প্ৰকৃত স্বৰূপটো উদঙাই দিছে। ওৰাঙৰ হাজংবষ্টি গাঁৱত যদি বাপেকৰ নাম অন্তৰ্ভুক্ত হৈছে তেন্তে পুতেকৰ নাম অন্তৰ্ভুক্ত নহ'ল। মুঠ সদস্যৰ কিছুসংখ্যক পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হৈছে আৰু কিছুসংখ্যক পৰিয়ালৰ নাম অন্তৰ্ভুক্ত নহ'ল। এনে বিসংগতিৰ বাবে এতিয়া সম্প্ৰদায়টোৰ লোক সকল যথেষ্ঠ বিপদত পৰিছে। যাৱতীয় সকলো নথি পত্ৰ প্ৰদান কৰে যদিও এনে বিসংগতি পূৰ্ণ কাৰ্যৰ বাবে প্ৰতিক হাজেলাক জগৰীয়া কৰিছে সকলোৱে।