আমিনগাঁৱত নটৰাজ নাট্যগোষ্ঠীৰ বাটৰ নাট প্ৰদৰ্শন

 09/04/2019 - 18:27

আমিনগাঁওঃ আজি বিয়লি ৪ বজাত কামৰূপ জিলা পানী আৰু অনাময় সমিতিৰ উদ্যোগত আমিনগাঁও জিলাধিপতি কাৰ্যালয়ত "স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীন ২০১৯" এপটো উদ্বোধন কৰা হয়। ইয়াৰ অংশ হিচাপে আমিনগাঁও জিলাধিপতি কাৰ্যালয়ত নটৰাজ নাট্যগোষ্ঠীৰ ফালৰ পৰা চন্দন দাস আৰু গুনমণি কলিতাৰ দ্বাৰা পৰিচালিত "স্বচ্ছ গ্ৰাম স্বচ্ছ জিলা" শীৰ্ষক এখন বাটৰ নাট প্ৰৰ্দশন কৰা হয়।

নাটখনিৰ মূল বিষয়বস্তু আছিল "স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীন ২০১৯" এপটোৰ বিষয়ে সজাগ কৰা। উক্ত নাটখনিত নবজ্যোতি নাথ, প্ৰাঞ্জল হালৈ, বনমালি কলিতা, ধ্ৰুৱজ্যোতি কলিতা, ডিংকু দে, ভাৰ্গৱ শৰ্মা আৰু ৰুমী ৰাভাই কৰা অভিনয়ে ৰাইজক আপ্লুত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।