ডিগবৈঃ আজি আৰ ডি ইংলিছ একাডেমী বিদ্যালয়ত পেলনীয়া সামগ্ৰীৰে প্ৰদৰ্শনীৰ অনুষ্ঠান আয়োজন কৰে। যি সময়ত উঠি অহা প্ৰজন্মই মোবাইল, কম্পিউটাৰ, ইণ্টাৰনেট আদিত ব্যস্ত ঠিক তেনে সময়তে ডিগবৈ চহৰৰ এখন অগ্ৰণী শিক্ষা অনুষ্ঠান আৰ ডি ইংলিছ একাডেমীৰ কণ কণ ছাত্র ছাত্ৰী পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ লৈকে নিজে বাঁহ, টকৌ পাত আৰু পেলনীয়া সামগ্ৰীৰে বিজ্ঞান, কলা, শিল্প-সংস্কৃতি বিষয়ক সুন্দৰ একো একোটা সামগ্ৰী তৈয়াৰ কৰি এখনি বাৰ্ষিক প্ৰদৰ্শনীৰ অনুষ্ঠান আয়োজন কৰে।
অসমৰ প্ৰতি জাতি-জনগোষ্ঠী সাংস্কৃতিক পৰম্পৰাক সম্পূৰ্ণৰূপে জীৱন্ত ৰূপত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে আটক ধুনীয়া কৈ প্ৰকাশিত কৰিলে। অনুষ্ঠানত ডিগবৈৰ বহু বিশিষ্ট ব্যক্তি সকল ক্ৰমে প্ৰবীণ বড়া, ভৈৰৱ থাপা, পূৰ্ণ কান্ত শইকীয়া, মানস দাস, বিনাপানী দাস, দিগন্ত দত্ত, দি.পি.সিং, আজমা বেগম, চৈয়দা মাৰিন বেগম, পাৰ্থ সাৰথি দত্ত উপস্থিত থাকি সভাৰ শোভা বঢ়াই তোলে। ছাত্র-ছাত্ৰীসকলৰ এনে সফলতাই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে উপস্থিত দর্শক সকলক আপ্লুত কৰে।