বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথৰ ছোৱাগুৰী হুছাইনীয়া মাদ্ৰাছাত অধ্যয়নৰত দুই ছাত্ৰ ২৮ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছে। উক্ত দিনা মাদ্ৰাছাৰ পৰা ঘৰ অভিমুখে যোৱাৰ পাছৰ পৰাই বৰ্তমানলৈকে পৰিয়ালৰ লোকে ছাত্ৰ দুজনৰ কোনো খা-খবৰ নোপোৱাত শংকিত হৈ পৰে। নিৰুদ্দিষ্ট ছাত্ৰ দুজন ক্ৰমে চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত আদাভেটি গাৱঁৰ মতিবুৰ ৰহমানৰ পুত্ৰ ইহিয়া ৰহমান(১৪), আৰু গিলাধাৰী মুখৰ ছলিমুদ্দিনৰ পুত্ৰ নুৰজালাল ইছলাম(১৫)।
ইতিমধ্যে মাদ্ৰাছা কৰ্তৃপক্ষ আৰু পৰিয়ালৰ লোকে সন্ধানহীন হোৱা সন্দৰ্ভত বিশ্বনাথ চাৰিআলি সদৰ থানাত অৱগত দাখিল কৰে যদিও এতিয়ালৈকে ছাত্ৰ দুজনৰ কোনো শুংসুত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে। আনহাতে পৰিয়ালৰ লোকে কোনো দুষ্ট চক্ৰই ছাত্ৰ দুজনক বহিৰাজ্যলৈ কামৰ প্ৰলোভনলৈ যোৱাৰো সন্দেহ প্ৰকাশ কৰিছে। লগতে কোনো সদাশয় ব্যক্তিয়ে যদি ছাত্ৰ দুজনৰ সম্ভেদ লাভ কৰে তেন্তে ৬০০০২৮২৮৩১ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।