04/04/2019 - 20:24
in
গুৱাহাটী: নৱ নিৰ্মান ভাৰত এটা অৰাজনৈতিক সংগঠন। বিগত এটা বছৰৰ পূৰ্বে জন্ম লাভ কৰা নৱ নিৰ্মান ভাৰত নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সংগঠনটোৱে জন্ম লগ্নৰে পৰা দেশ, জাতি, মাটি, ভেটি ৰক্ষা আৰু নৱভাৱে এখন বৈভৱশালী ভাৰতবৰ্ষ গঠনত বলিষ্ঠ ভূমিকা লোৱাৰ চেষ্টা কৰি আহিছে।
আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি 'নৱ নিৰ্মাণ ভাৰত'ৰ সভাপতি ড০ বিশালজ্যোতি কলিতাই কয় যে, ভাৰতীয় জনতা পাৰ্টিক জয় কৰাৰ ক্ষেত্ৰত তেওঁলোকে বহু চেষ্টা কৰিছে।
লগতে তেওঁ অসমবাসীক আহ্বান জনায় যে, ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতা কৰা সকলো পাৰ্টী আগন্ত্তক লোকসভা নিৰ্বাচনত যাতে জয়যুক্ত কৰায়।
এই ক্ষেত্ৰত বি. জে. পি ক সহায় কৰিব বুলি আজিৰ সংবাদমাধ্যমৰ যোগে জানিব দিয়ে।