09/04/2019 - 18:54
in
লখিমপুৰঃ লখিমপুৰ জিলা সমিতিৰ সহযোগত তথা উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট লখিমপুৰ নগৰ স্থিত বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্ল'গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। সংগঠনটোৱে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰা আৰু ৫ খন সংৰক্ষিত বনাঞ্চল পুনৰ জীৱিতকৰণৰ দাবীত এই প্ৰতিবাদ টাই আহোম যুৱ পৰিষদৰ।
কাকৈ, দুলুং, কদম, ৰঙা, পাভ বনাঞ্চল ধ্বংসমূখী হোৱাক লৈ তীব্ৰ ক্ষোভ সংগঠনটোৰ। চোৰাং চিকাৰী, বনধ্বংসকাৰীৰ ওপৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী এন এইচ পি চি কো দিলে তীব্ৰ সকীয়নি। বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ উপায়ুক্তৰ যোগে সংগঠনটোৱে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।