09/04/2019 - 19:13
in
ডিব্ৰুগড়ঃ ডিব্ৰুগড় চহৰত পূৰ্বৰ তুলনাত ব্যাপকভাৱে যান জঁটৰ সমস্যা বৃদ্ধি পাব ধৰিছে৷ যান জঁট সমূহ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰাতো সম্ভৱপৰ নহয় যদিও চহৰখনত সৃষ্টি হোৱা যান জঁট সমূহ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যান বাহন আৰক্ষী সকল যিমান সষ্টম হৈ থাকিব লাগে ইয়াৰ বিপৰীতে একাংশ যান বাহন আৰক্ষী ইমানেই এলেহুৱা যে নিজ কৰ্ম দায়িত্ব সমূহো সূচাৰুৰুপে পালন নকৰি যান জঁটৰ সমস্যাক পিঠি দি কেৱল বিশ্ৰাম লোৱাতেই ব্যস্ত হৈ থাকে৷
একাংশ যান বাহন আৰক্ষীৰ এই অকৰ্মণ্য স্বৰুপ ফেচবুকত উদঙাই দেখুওৱাৰ বাবেই যুৱ সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সম্পাদক কাঞ্চনজ্যোতি গোহাঁইক অবিনাশ গগৈ নামৰ এজন আৰক্ষী কনিষ্টবলে ফেচবুকযোগে কেৱল অপব্যৱহাৰ কৰাই নহয় প্ৰাণৰো ভাবুকি প্ৰদান কৰে৷ এই ক্ষেত্ৰত যুৱ সাংবাদিক সন্থাৰ সকলো সদস্যই আৰক্ষী কনিষ্টবলজনক গ্ৰেপ্তাৰ কৰাৰ লগতে উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে৷