09/04/2019 - 19:20
in
বিশ্বনাথ চাৰিআলিঃ বিজেপি চৰকাৰে অসমত নামনি শোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম অতি শীঘ্ৰে সম্পন্ন কৰাৰ সিন্ধান্ত ঘোষণা কৰিছে। তাৰ প্ৰতিবাদত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ পুৱ বিহালী আঞ্চলিক সমিতিয়ে বৰগাঙ চেণ্টাৰত ২ ঘন্টিয়া অবস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।
কাৰ্য্যসূচী অন্তত বিহালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ জড়িয়তে নামণি শোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত অসমৰ মুখ্যমন্ত্ৰীলৈ সংগঠনটোৱে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। কাৰ্যসূচীত সংগঠনৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক টুল টুল দাস, কৃষক মুক্তি সংগ্ৰাম সমিতৰ বিশ্বনাথ জিলাৰ সম্পাদক নৱ কান্ত দাস, সদস্য ভবানন্দ হাজৰিকা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতৰ পুৱ বিহালী আঞ্চলিক সমিতিৰ সভাপতি সীমান্ত দাস, সম্পাদক অনিল বনীয়াকে ধৰি সকলো কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে।