বটদ্ৰৱাঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰি নিবাসী তথা জামুগুৰি শ্বহীদ মনবৰ নাথ এম ভি স্কুলৰ জ্যেষ্ঠ শিক্ষক অনিল চন্দ্ৰ নাথক ৰাজ্য চৰকাৰে ২০১৯ বৰ্ষত কৃতী শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত কৰিছে৷ বিগত বৰ্ষত জিলা পৰ্যায়ৰ কৃতী শিক্ষকৰ বঁটা লাভ কৰা নাথে বিদ্যালয়ৰ লগতে স্থানীয় অঞ্চলত সুস্থ শৈশিক্ষ পৰিবেশ গঢ়ি তোলাত যথেষ্ট অৰিহনা যোগাই আহিছে৷
পেছাত এগৰাকী শিক্ষক হ’লেও তেওঁ একেধাৰে এগৰাকী কবি, লেখক, অভিনেতা, চিত্ৰশিল্পী আৰু যোগ প্ৰশিক্ষক হিচাপে সুপৰিচিত৷ শিক্ষকতাৰ সমান্তৰালকৈ দীৰ্ঘদিনৰে পৰা নিৰৱচ্ছিন্নভাৱে কাব্য আৰু সাহিত্য চৰ্চাত মনোনিৱেশ কৰি অহা নাথৰ ইতিমধ্যে বহুসংখ্যক কবিতা, গল্প, প্ৰবন্ধ তথা তত্বগধূৰ লেখা বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ পোৱাৰ লগতে তেওঁ কেইবাখনো গ্ৰন্থও লেখি উলিয়াইছে৷
ইয়াৰ বিপৰীতে তেওঁ নিজৰ সামাজিক কৰ্মৰাজিৰ স্বীকৃতি হিচাপে ডাঃ আম্বেদকাৰ ৰাষ্ট্ৰীয় গৌৰৱ বঁটা, ভগৱান বুদ্ধ ফেল’শ্বিপ ৰাষ্ট্ৰীয় বঁটা, ৰাষ্ট্ৰীয় যোগা গৌৰৱ বঁটা, অসম সাহিত্য সন্মিলনৰ দ্বাৰা বিশেষ সাহিত্য বঁটা, জিলা কৃৰ্তী শিক্ষকৰ বঁটাকে ধৰি কেইবাবাৰো জিলা আৰু ৰাজ্যিক পৰ্যায়ত যোগা চেম্পিয়নৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে৷ বহুধা প্ৰতিভাৰ গৰাকী নাথ এইবাৰ কৃতী শিক্ষকৰ ৰাজ্যিক বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰে স্থানীয় অঞ্চলবাসীক উৎফুল্লিত কৰি তুলিছে আৰু সকলোৱে অভিনন্দন জনাইছে৷