ভূৰাগাঁও আৰক্ষীৰ নাকৰ তলতেই অবৈধ জুৱাৰ ৰমৰমীয়া বেহাঃ নিৰ্বিকাৰ আৰক্ষী

 09/04/2019 - 19:33

লাহৰীঘাটঃ মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষীৰ নাকৰ তলতেই চলি আহিছে অবৈধ জুৱাৰ বৃহৎ ৰমৰমীয়া বেহা। একাংশ দুষ্টচক্ৰই দীৰ্ঘ দিন ধৰি ভূৰাগাঁও আৰক্ষী থানাৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত দিন দুপৰতে চলাই আহিছে এই অবৈধ জুৱাৰ বেহা। শেহতীয়াকৈ জুৱা খেলৰ প্ৰতি আসক্ত হোৱা দেখা গৈছে বহু কলেজীয়া ছাত্র, শিক্ষিত উদীয়মান যুৱকসকল।

নৈপৰীয়া অঞ্চলটোত জুৱাৰ দৰে অসামাজিক কাৰ্যকলাপ দিনক দিনে বৃদ্ধি পোৱাত অঞ্চলটোৰ পৰিবেশ বিনষ্ট হোৱাৰ আশংকাত শংকিত হৈ পৰিছে অঞ্চলটোৰ সচেতন মহল। কিন্তু কাৰ স্বাৰ্থত আৰক্ষীয়ে জুৱাৰীৰ বিৰুদ্ধে এতিয়ালৈ কোনো অভিযান চলোৱা নাই। পৰৱৰ্তী সময়ত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।