অইল মেনেজমেণ্টৰ ভুল সিদ্ধান্তৰ বাবে কোম্পানীয়ে হেৰুৱালে ২.৫ কোটি

 09/04/2019 - 19:53

দুলীয়াজানঃ অইল মেনেজমেণ্টৰ ভুল সিদ্ধান্তৰ বলি হ’ল দুলীয়াজানৰ মহমাৰীবাসী। যাৰবাবে কোম্পানীটোৱে হেৰুৱালে ২.৫কোটি টকা। হেৰুৱাব লগা হ’ল মেৰবিল-মহমাৰী গাঁৱৰ মূল পকী পথছোৱা, হেৰুৱালে ঐতিহ্য বিজৰিত মেৰবিল কাছঘাট। ধ্বংস হ’ল মেৰবিলৰ পৰিবেশ, নাইকিয়া হ’ল পৰিভ্ৰমী পক্ষী কামচৰাই, অজগৰ তথা কাছ। যাৰবাবে এতিয়া গাওঁবাসীৰ অইলৰ বিৰুদ্ধে প্ৰতিবাদৰ হুংকাৰ। খাদটোৰ লগত সংলগ্ন কৰি অইলে অন্য এটা খাদ খান্দিবলৈ প্ৰস্তুতি আৰম্ভ কৰে আজিৰ পৰা প্ৰায় ৫ মাহ আগৰ পৰা। তাৰ বাবে অইলে গাঁওখনৰ মূল পথছোৱা ধ্বংস কৰি যাৱতীয় কামৰ বাবে প্ৰায় ২৩ বিঘা মাটি অধিগ্ৰহণ কৰে। য’ত আছিল শ শ বছৰীয়া পুৰণি মেৰবিল সৌন্দৰ্য‍্য, কামচৰাই, অজগৰ তথা কাছ আদিৰ ৰম্যস্থলী। পৰিতাপৰ কথা এই কোটি টকা ব্যয় কৰি অইলে খননকাৰ্য্যৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিল যদিও খননকাৰ্য্য নকৰি ৰাতিটোৰ ভিতৰতে সকলো সামগ্ৰী লৈ অনাৰ নিৰ্দেশ দিয়ে। নিৰ্দেশ দিয়াৰ দিনাই ভাঙি পেলোৱা হ’ল ঐত‍্যাধুনিক ভাবে বনোৱা কাৰ্য্যালয়, আচবাব, লেট্ৰিন-বাথৰূম তথা পকীচাৰি সীমাৰ বেৰ। ৰাইজৰ দাবী অইলৰ মেনেজমেণ্টৰ ভুল সিদ্ধান্ত আছিল উৎপাদন ক্ষম ১৯৭নং তেল খাদটোৰ সংলগ্ন নতূন পৰিকল্পনা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।