বিজনীঃ চিৰাং জিলাৰ বিজনীত আজি আম্বেদকৰ ভৱনত কংগ্ৰেছৰ বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে আজি দুপৰীয়া চিৰাং জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু বড়োবাজাৰ ব্লগ কমিটীৰ সহযোগত অসম প্ৰদেশ কমিটীৰ বিটিচি নিৰ্বাচনৰ দলীয় সভা অনুষ্ঠিত কৰে। উক্ত সভাৰ সভাপতিত্ব কৰে বিশ্বজিৎ ৰায়ে।
সভাত অতিথি হিচাপে উপস্থিত থাকে বিধায়ক ৰকিবুল হুছেইন, দূৰ্গাদাস বড়ো, বিধায়ক আব্দুল হাইনাগৰি, MCLA মমিনুৰ ইছলাম, বিধায়ক এ কে ৰছিদ মণ্ডল, ভাস্কৰ দাহাল, সম্পাদক, ভুপেন দৈমাৰী, গুলাম বাবু কিব্ৰিয়া, খলিলুৰ ৰহমান, সঞ্জীৱ ৱাৰী, নাৰায়ণ অধিকাৰী, বিশ্বজিৎ ৰায় আৰু বড়োবাজাৰ, চিদলী ব্লক কংগ্ৰেছৰ সভাপতিদ্বয় আবু তালেপ শিকদাৰ, বাবুল চক্ৰৱৰ্তী লগতে কংগ্ৰেছৰ ভালে সংখ্যক কৰ্মকৰ্তা উপস্থিত থাকে। ৰকিবুল হুচেইনে বক্তব্যত কয় যে এইবাৰ বিটিচি পৰিষদীয় নিৰ্বাচনৰ চাবি এইবাৰ হাগ্ৰামা মহিলাৰীৰ হাতত নাথাকে এইবাৰ চাবি থাকিব কংগ্ৰেছৰ হাতত।
এনআৰচি বিষয়েও কয় যে এই এন আৰ চিৰ জৰিয়তে প্ৰায় দুই হাজাৰ কোচৰাজ বংশীসকলৰ নাম কটা হৈছে বুলি ব্যক্ত কৰে। বিজেপি দলকো কটাক্ষ কৰি কয় যে বিজেপি চৰকাৰে পৰিবৰ্তন নামত যি ঢৌত গাদী দখল কৰিছে কিমান কৰিলে পৰিবৰ্তন। বিজেপি কালত ৰন্ধন গেছৰ মূল্য অধিক হ'ল কংগ্ৰেছৰ কালত কিমান আছিলে এয়াই নেকি পৰিবৰ্তন। এন আৰচিৰ নাম কৰ্তন কৰিছে বিজেপিৰ কৰ্মকৰ্তাই। প্ৰতিক হাজেলায় নাম কৰ্তন কৰা নাই বুলিও কয়। অসমত ২৪ ঘণ্টা বিদ্যুৎ থাকিব বুলি চৰকাৰে দম্ভালি মাৰি কৈছে কিন্তু এতিয়া দেখা গৈছে ২৪ ঘণ্টাত ২৪ বাৰকৈ বিদ্যুৎ অহা যোৱা কৰে।