এআইইউডিএফ-ইউপিপিএলৰ মিত্ৰতা

 04/04/2019 - 21:40

গুৱাহাটীঃ সমাগত লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি তিনি সমষ্টিত এআইইউডিএফ আৰু ইউপিপিএলৰ ৰাজনৈতিক মিত্ৰতা গঠন কৰে দুয়োটা দলে। এআইইউডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম আৰু ইউপিপিএলৰ উপ সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে এক সংবাদ মেল যোগে এই কথা স্পষ্ট কৰে। লগতে কয় যে কোকৰাঝাৰত বিপিএফক যি কোনো প্ৰকাৰে পৰাভূত কৰিবই লাগিব। ইউপিপিএলৰ উৰ্খা গোৰাও ব্ৰহ্মক জয়ী কৰাৰ সংকল্পৰে দুইটা দল এক হৈছে।

আনহাতে ধুবুৰী আৰু বৰপেটাত এআইইউডিএফৰ প্ৰাৰ্থী ক্ৰমে মৌলনা বদৰুদ্দিন আজমল, ড০ হাফিজ ৰফিকুল ইছলামক জয়ী কৰাবলৈ দুয়োটা দলে ঐক্যবদ্ধ হিচাপে কাম কৰিব। কিন্তু মঙলদৈত দুইটা দলে মিত্ৰতা নকৰে আৰু সমৰ্থকসকলক বিবেক ভোট দিবলৈ আহ্বান জনাইছে।তাৎপৰ্যপূৰ্ণভাৱে কোকৰাঝাৰত দুই দলৰ মিত্ৰতাই এক বিশেষ সমীকৰণ লাভ কৰিছে। দুই দলৰ নেতাই জনোৱা মতে কোকৰাঝাৰৰ বাবে বহুতো জনকল্যানমূখী নীতি গ্ৰহণ কৰিছে।

বিশেষকৈ বিটিচিত বিগত কালছোৱাত গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্ত হোৱা সকলো সম্প্ৰদায়ৰ লোকক পুনৰ সংস্থাপনৰ সংকল্প, গোষ্ঠী সংঘৰ্ষত ছহীদ হোৱা সকলো পৰিয়ালক যোগ্যতা ভিত্তিত চাকৰিৰ লগতে উচ্চশিক্ষাৰ সা-সুবিধা, বিটিচিত বাস কৰা সকলো সম্প্ৰদায়ৰ লোকক সুৰক্ষা প্ৰদান, প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এনআৰচিত অৰ্ন্তভুক্ত, বিদেশী সজাই স্বদেশীক হাৰাশাস্তি কৰা বিভাগীয় বিষয়া কৰ্মচাৰীক আইনগতভাৱে শাস্তি প্ৰদান তথা নাগৰিক সংশোধনী বিধেয়কৰ বিৰুদ্ধে অবিৰত সংগ্ৰাম কৰি যাব ইত্যাদি নীতিৰে দুয়োটা দল সংকল্পবদ্ধ হয়।

সংবাদ মেলত এআইইউডিএফৰ যুৱনেতা আব্দুল ছামাদ চৌধুৰী, কৰিমুদ্দিন বৰভূঞা (চাজু), জামান ছিদ্দিকি, মৌলানা ফজলুল কৰিম কাচিমিৰ লগতে ইউপিপিএলৰ কেইবাজনো নেতা উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।