ডিব্ৰুগড়ঃ টীয়ক চাহ বাগিছাৰ চিকিৎসক দেবেন দত্তক একাংশ শ্ৰমিকে হত্যা কৰা ঘটনাক চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ ডিব্ৰুগড় জিলা সমিতিয়ে তীব্ৰ নিন্দা কৰি সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰিছে। টীয়ক চাহ বাগিছাত সংঘটিত ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি ঘটনাৰ লগত জড়িত হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি দিবলৈ চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি দয়ানন্দ শ্বাহে দাবী জনাইছে।
টীয়কৰ ঘটনাৰ আলমত বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংশ চাহ জনগোষ্ঠীক একাংশ ব্যক্তিয়ে ছ’চিয়েল মিডিয়াত কটু মন্তব্য কৰাত চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ ডিব্ৰুগড় জিলা সমিতিয়ে উদ্বেগ প্ৰকাশ কৰিছে। সংগঠনটোৰ জিলা সমিতিয়ে বিবৃতিটোত উল্লেখ কৰিছে ছ’চিয়েল মিডিয়াত কটু মন্তব্যৰে একাংশ দুষ্কৃতিকাৰী বিষবাষ্প বিয়পাই অসমৰ সাতামপুৰুষীয়া বান্ধোন বিনষ্ট কৰিবলৈ উঠি পৰি লাগিছে। টীয়কৰ ঘটনাৰ আলম লৈ ছ’চিয়েল মিডিয়াত সাম্প্ৰদায়িকতা মন্তব্য প্ৰদান কৰা ব্যক্তিক নাকী লগাবলৈ চৰকাৰক চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ ডিব্ৰুগড় জিলা সমিতিয়ে দাবী জনাইছে।