09/04/2019 - 20:10
in
গোলাঘাটঃ খুমটাই আৰক্ষী চকীত হঠাৎ উপস্থিত হয় এখন বিদ্যালয়ৰ এদল ছাত্ৰ৷ ভোলাগুৰি কমলামিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰসকলে তেওঁলোকৰ পাঠ্যক্ৰমৰ অন্তৰ্গত ঐচ্ছিক বিষয় হিচাপে Private Secority ৰ সন্নিৱিষ্ট৷ এই বিষয়ত ছাত্ৰসকলক নিৰাপত্তাৰ বিষয়ে জানিবৰ বাবে বিশেষ বিশেষ ঠাইলৈ নিয়া হয়৷
খুমটাই আৰক্ষী চকীত ছাত্ৰসকলে ড্ৰীল কৰি বন্দুক, হেণ্ডকাফ আদিৰ বিষয়ে আৰক্ষী বিষয়াগৰাকীয়ে শিক্ষা প্ৰদান কৰে৷ এইধৰণৰ কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰসকল যথেষ্ট উপকৃত হোৱাৰ কথা উল্লেখ কৰে বিদ্যালয়খনৰ শিক্ষকজনে৷ এইদৰেই এখন আৰক্ষী চকীত এখন বিদ্যালয়ৰ ছাত্ৰসকলক দেখা গ’ল এক বিশেষ ৰূপত৷