অৱশেষত দৰং আৰক্ষীয়ে জব্দ কৰা উটকেইটা ৰাজস্থানলৈ প্ৰেৰণ

 09/04/2019 - 20:39

মঙলদৈঃ অৱশেষত দৰং আৰক্ষীয়ে জব্দ কৰা উটকেইটা ৰাজস্থানলৈ প্ৰেৰণ। ১০ আগষ্টত দৰঙৰ টাংনি বজাৰৰ পৰা জব্দ কৰিছিল ৬ টাকৈ উট। ঈদৰ কুৰবাণীৰ বাবে দৰঙলৈ আনিছিল উটকেইটা। বেছিমাৰীৰ এগৰাকী ব্যৱসায়ীয়ে ৰাজস্থানৰ পৰা অবৈধভাৱে বিক্ৰীৰ বাবে আনিছিল উটকেইটা। ৰাজস্থান কেমেল এক্ট ২০১৫ মতে উট ৰাজস্থানৰ বাহিৰলৈ নিব নোৱাৰা লগতে কোনেও বিক্ৰী কৰিব নোৱাৰে অথবা খাব নোৱাৰে।

সেই সূত্ৰে দৰং আৰক্ষীৰ ধূলা থানাই ৫ টা আৰু মঙলদৈ থানাই ১ টা উট জব্দ কৰিছিল। পৰিবেশৰ সৈতে খাপ নোখোৱাৰ বাবেই এটা উটৰ ইতিমধ্যে মৃত্যু হৈছিল। বাকী থকা উটকেইটা মঙলদৈৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ ৰায় মতে মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাৰ সহযোগত বান্যপ্ৰাণী সুৰক্ষা বিষয়াৰ জৰিয়তে পুনৰ ৰাজস্থানলৈ পঠাই দিয়া হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।