সোনাপুৰঃ ৰাজহ চক্ৰৰ অন্তৰ্গত হহৰা, হহৰা পথাৰ, বৰগোগ, গুমৰীয়া সকলো অঞ্চলতেই এতিয়া খৰাংৰ কৱলত৷ চৰকাৰী হিচাপত ২০০ হেক্টৰ মাটি আছে এই অঞ্চলত, জলসিঞ্চনৰ ব্যৱস্থা অবিহনে এতিয়াও কেৱল মাত্ৰ বৰষুণৰ ভৰষাত কৃষিকৰ্ম সম্পাদন কৰি থকা হৈছে৷ পৰিনতিত বৰষুণৰ অভাৱত এতিয়া হাজাৰ হাজাৰ বিঘা মাটিত বিভিন্ন ধৰনৰ ৰোগে আক্ৰমণ কৰাৰ লগতে চিৰাল ফাট মেলাত কৃষকৰ মুৰত সৰগ ভাঙি পৰাৰ দৰে হৈছে৷ কানসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ লগতে মন্ত্ৰী বিধায়কৰ৷ স্হানীয় ৰাইজৰ অভিযোগ প্ৰতিবাৰেই নিৰ্বাচনৰ আগেয়ে মন্ত্ৰী বিধায়ক আহি তেওঁলোকক জলসিঞ্চনৰ সুব্যৱস্থা কৰি দিম বুলি প্ৰতিশ্ৰুতি দিয়ে কিন্তু নিৰ্বাচন গ’লে সকলো পাহৰি যায়৷ বৰ্তমানৰ পৰিৱৰ্তনকামী চৰকাৰে যি ফচলবীমা যোজনাৰ প্ৰসাৰ কাৰ্য্য আৰম্ভ কৰিছে৷ সেয়াও এতিয়া কেৱল ফুটুকাৰ ফেনত পৰিনত হোৱা দেখা গৈছে৷ আনফালে সোনাপুৰৰ ডিগাৰু পথাৰৰ এক বৃস্তিতঃ অঞ্চলত শুৰ পোকে দেখা দিয়াত কৃষকৰ মাজত আতংকৰ সৃষ্টি হৈছে যদিও বিভাগীয় কৰ্তৃপক্ষৰ গা লৰাব সক্ষম হোৱা নাই৷