টিয়কৰ ঘটনাক নিন্দা বিধায়ক দূৰ্গা ভূমিজৰ

 09/05/2019 - 13:30

ডুমডুমাঃ টিয়ক ঘটনাক নিন্দা কৰি ডুমডুমাৰ কংগ্ৰেছী বিধায়ক দূৰ্গা ভূমিজে ড০ দেবেন দত্তৰ হত্যাৰ সৈতে জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহিবলৈ চৰকাৰক দাবী জনাইছে। বুধবাৰে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চাহ বাগিচাৰ লগতে অন্যান্য চিকিৎসালয় সমূহত কর্মৰত চিকিৎসক সকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈও চৰকাৰক দাবী জনাই বিধায়ক গৰাকীয়ে।

মৰ্মান্তিক ঘটনাটোৰ আলম লৈ একাংশ লোকে বিভিন্ন মাধ্যমৰ যোগেদি প্রৰোচনামুলক মন্তব্য দিয়া বিষয়টোত বিধায়ক গৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰি সকলো পক্ষক সকিয়াই দি এনেধৰণৰ মন্তব্যবোৰৰ পৰা বিৰত থাকিবলৈ কয় লগতে এনেধৰণৰ মন্তব্য দিয়া সকলৰ বিৰোধে চৰকাৰক কঠোৰ হবলৈও দাবী জনাই।।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।