প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে চন্দ্ৰত চন্দ্রযান-২ৰ অৱতৰণ প্ৰত্যক্ষ কৰিব যোৰহাটৰ দেৱলিনাই

 09/05/2019 - 14:22

যোৰহাটঃ পুনৰ এবাৰ ৰাজ্য তথা যোৰহাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী মেধাবী ছাত্ৰীয়ে। এক বিৰল মহাজাগতিক দৃশ্য স্ব চক্ষে প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছে এগৰাকী অসমীয়া ছাত্ৰীয়ে। আগন্তুক ৭ চেপ্তেম্বৰত চন্দ্ৰত অৱতৰণ কৰাৰ চন্দ্ৰযান ২ দৃশ্য ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে একেলগে চাব ছাত্ৰীগৰাকীয়ে।

যোৰহাটৰ অ’ এন জি চিৰ কেন্দ্রীয় বিদ্যালয়ৰ এইগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰী দেৱলিনা হাজৰিকা। ছাত্ৰ ছাত্ৰী সকলৰ মাজত মহাকাশ বিজ্ঞানৰ প্ৰতি আকৰ্ষণ আৰু সজাগতা আনিবৰ বাবে কেইদিন মান পূৰ্বে 'ইছৰো’য়ে দেশৰ প্ৰতিখন ৰাজ্যতে অষ্টমৰ পৰা দশম শ্রেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰিছিল এক বাচনি পৰীক্ষা।

পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ন হৈছিল যোৰহাট অ এন জি চি কেন্দ্রীয় বিদ্যালয়ৰ অষ্টম মান শ্ৰেণীৰ ছাত্ৰী দেৱলিনা হাজৰিকা। সমগ্র দেশৰে প্ৰায় ৬০ জন ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে সুবিধা পাইছে প্ৰধান মন্ত্ৰী গৰাকীৰ সৈতে একেলগে বাংগালোৰৰস্থিত ইছৰ'ৰ কন্ট্রোল ৰুমৰ পৰা চন্দ্ৰযান ২ৰ অৱতৰণৰ দৃশ্য চোৱাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।