ৰাণীঃ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ৰাণীৰ সজ্জনপাৰাস্থিত ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বুঢ়া গোঁসাই (দূৰ্গাদেৱী) মন্দিৰৰ বিগত বছৰবোৰৰ দৰে এইবেলিও ঐতিহাসিক দূৰ্গাপূজা উদযাপিত কৰা হ'ব। ঐতিহাসিক মন্দিৰৰ দূৰ্গাপূজাৰ আজি লাইখুটা স্থাপন কৰা হয়। প্ৰায় শতাধিক লোকৰ উপস্থিতিত উদযাপন সমিতিৰ সম্পাদক, উপৰদানী তালুকৰ স্থায়ী সভাপতিয়ে মাংগলিক কাৰ্যসূচীৰে এই লাইখুটা স্থাপন কৰে। এই বেলি এই শাৰদীয় দূৰ্গাপূজাই এশটা বছৰ অতিক্ৰম কৰা হেতুকে বৃহত্তৰ ৰাণী অঞ্চলটোৰ ১৫ খন গাৱে একত্ৰিত হৈ ছয়দিনীয়া দিনযোৰা বৰ্নাঢ্য মাংগলিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰে অনুস্থিত কৰিবলৈ মনস্থ কৰিছে।
অহা ৩ ,৪,৫,৬, আৰু ৭ অক্টোবৰ তাৰিখত পৰম্পৰাগত ভাৱে পূৰ্বৰ ঐতিহ্য ৰক্ষা কৰিবলৈ ইতিমধ্যে দূৰ্গাদেৱীৰ চৰনত পুজা-পাতালৰ বাবে যাৱতীয় যো-জা চলাইছে। এই বিস্তৃত কাৰ্যসূচীৰ অহা ২৪ নৱেম্বৰত সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিশেষকৈ ধৰ্মপ্ৰাণ ৰাইজৰ বাবে অতিজৰে পৰা পৰম্পৰাগতভাৱে চলি অহা বলিবিধান কাৰ্যসূচীয়ে এইবেলিও বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি দুৰ্গা পূজা উদযাপন সমিতিয়ে মত পোষণ কৰে। এই বলিবিধানৰ অংশস্বৰূপে ম'হ , ছাগলী , হাঁহ-কুকুৰা , কুমুৰা , বলি প্ৰদান কৰা হব বুলি উদ্যোগক্তা উপৰদানী তালুকে জানিবলৈ দিয়ে ।