অৰণ্য মানৱ যাদৱ পায়েঙলৈ আনন্দৰাম বৰুৱা বঁটা

 09/05/2019 - 15:26

ডিজিটেল ডেস্কঃ অৰণ্য মানৱ যাদৱ পায়েঙক প্ৰদান কৰা হয় আনন্দৰাম বৰুৱা বঁটা৷ আজি অসমৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান আনন্দৰাম বৰুৱা একাডেমিয়ে যাদৱ পায়েঙক প্ৰদান কৰে আনন্দৰাম বৰুৱা বঁটা৷ শৈক্ষিক প্ৰতিষ্ঠাখনৰ নৱাগত আদৰণি সভা আৰু শিক্ষক দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় অৰণ্য মানৱ যাদৱ পায়েঙক৷ এই বঁটাত প্ৰদান কৰা হয় নগদ একলাখ টকাৰ চেক৷ এই অনুষ্ঠানত বিশিষ্ট চিন্তাবিদ দিগন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ উপস্থিত থাকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।