দৰমহা বঞ্চিত শিক্ষকৰ মৰ্মবেদনাঃ পথৰ কাষত চৰবত বিক্ৰী কৰি জীৱন নিৰ্বাহ

 09/05/2019 - 16:15

আমগুৰিঃ পেশাত মানুহজন পবিত্ৰ শিক্ষা বৃত্তিৰ সৈতে জড়িত। কিন্তু তেওঁ পৰিয়াল পোহপাল দিব লগা হয় পথৰ কাষত চৰবত বিক্ৰী কৰি। চৰবত বিক্ৰী কৰি এইজন শিক্ষকে প্ৰচণ্ড গৰমত বাটৰুৱাৰ পিয়াহ দূৰ কৰে। কাৰণ সুদীৰ্ঘ বছৰ লোকজন বঞ্চিত হৈ আহিছে প্ৰাপ্য দৰমহাৰ পৰা। এই ব্যক্তিজনৰ নাম মৃদুল বৰা। শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰ গদাধৰ নগৰৰ বাসিন্দা মৃদুল বৰা কাগজে কলমে এগৰাকী শিক্ষক। জিলাখনৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত ৰূপহীবিল বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক এইগৰাকী ব্যক্তি।

শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিৰ সৈতে জড়িত থাকিলেও চৰকাৰী বঞ্চনাৰ বলি হৈ জীৱন নিৰ্বাহৰ বাবে ল’ব লগা হৈছে সুকীয়া পথ। জিলাখনৰ ডেৰ হাজাৰ শিক্ষকৰ চাকৰি দীৰ্ঘদিন ধৰি উলমি আছে। বহুজন শিক্ষকে সাৱটি ল’ব লগা হৈছে মৃত্যু। সেইসকল শিক্ষকৰ মাজৰে মৃদুল বৰাই ঘৰ চলাবলৈ বিদ্যালয়ে বিদ্যালয়ে কিতাপ বিক্ৰী কৰিব লগা হৈছে। পথৰ কাষত বিক্ৰী কৰিব লগা হৈছে চৰবত। আজি পবিত্ৰ শিক্ষক দিৱস। চৰকাৰে ৰঙীণ প্ৰচাৰেৰে চমকিত কৰি পালন কৰিছে এই দিৱস। কিন্তু শিক্ষক দিৱসৰ দিনটোত সকলোৰে অলক্ষিতে যেন থাকি যায় মৃদুল বৰাহঁতৰ দৰে বহুজন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।