শিৱসাগৰত ফ্লাইং স্কোৱাদে জব্দ কৰিছে নগদ ৩০ লাখ টকা

 04/05/2019 - 12:54

শিৱসাগৰঃ শিৱসাগৰৰ লখিমী নগৰত ফ্লাইং স্কোৱাদে জব্দ কৰিছে নগদ ৩০ লাখ টকা। লখিমী নগৰত নাকা চেকিং কৰি থকা অৱস্থাত এখন বলেৰ'ৰ পৰা উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ ধন। বলেৰ' খনৰ নম্বৰ AS 04 P 4282।

অৰুণ পাৰিক আৰু টংকেশ্বৰ বৰগোহাঁই নামৰ লোক দুজনে দুটা ট্ৰাংকত এই টকাখিনি ভৰাই বলেৰ'খনেৰে গৈ আছিল। যাত্ৰা পথতে ফ্লাইং স্কোৱাদে বলেৰ'খন ৰখাই টকাখিনি উদ্ধাৰ কৰে। লোক দুজনে ধনখিনি লাকুৱা চাহ বাগিচাৰ বুলি প্ৰকাশ কৰিছিল যদিও কোনো পতিয়নযোগ্য নথি-পত্ৰ নাছিল তেওঁলোকৰ হাতত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।