যুৱতী হত্যাকাণ্ডঃ দুই যুৱকক গ্ৰেপ্তাৰ আমছৈ আৰক্ষীৰ

 09/05/2019 - 16:43

তিতাবৰঃ তিতাবৰৰ বৰহোলাৰ এগৰাকী যুৱতীক হত্যা কৰি আত্মগোপন কৰি থকা দুই যুৱকক নগাঁও জিলা ৰহাৰ আমছৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে আজি দুই হত্যাকাৰীক তিতাবৰৰ বৰহোলা আৰক্ষীক হস্তান্তৰ কৰিছে। ৬ আগষ্টত আমচৈৰ পুৱবোলাস্থিত কপিলী নদীৰ মথাউৰিৰ পাৰত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হৈছিল তিতাবৰ বৰহোলাৰ বিনীতা গড় নামৰ যুৱতীগৰাকী। পৰৱৰ্তী সময়ত আমচৈ আৰক্ষীয়ে যুৱতীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়তে মৃত্যু ঘটা ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল।

ইফালে ৰহাৰ বামুণীজানত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ পৰিচয় পত্ৰ, ভোটাৰ কাৰ্ড, পান কাৰ্ডৰ লগতে বহু নথি পত্ৰ। পাছত ঘটনাৰ তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে ম’বাইলৰ ফোনৰ কল ৰেকৰ্ড নিৰীক্ষণ কৰি হত্যাকাণ্ডটোৰ লগত জড়িত ৰহাৰ বাবু দাস নামৰ হত্যাকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। হত্যাকাৰীটোৰ স্বীকাৰোক্তি ভিত্তিত এই ঘটনাৰ লগত জড়িত বাবু দাসৰ সহযোগী জিয়াবুৰ ৰহমান নামৰ হত্যাকাৰীটোকো গ্ৰেপ্তাৰ কৰে। দুই হত্যাকাৰীয়ে যুৱতী গৰাকীৰ পৰা ৪০ হাজাৰ টকা লৈ যোৱা বুলিও ইতিমধ্যে স্বীকাৰোক্তি প্ৰদান কৰিছে। ঘটনাই তিতাবৰ বৰহোলাত ব্যাপক প্ৰতিক্ৰিয়া আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।