হাটশিঙিমাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দঃশালমাৰা থানা এলেকাৰ ৰঘুপাৰা গাঁৱত মাছ মৰাক কেন্দ্ৰ কৰি ৰহিম বাদসা পৰিয়ালৰ ওপৰত আক্ৰমণ কৰা ঘটনাত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে অঞ্চলজুৰি৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত খাৰুৱা আৰক্ষী চকীত ৰহিম বাদসাই এখন এজাহাৰ দাখিল কৰিছে৷ এজাহাৰত উল্লেখ কৰা মতে মাছ মাৰি পৰিয়াল পোহপাল দিয়া ৰহিম বাদসাই মাছ ধৰাৰ কাৰণে তেওঁ পাতি থোৱা চেপাসমূহ সেই গাঁৱৰে আব্দুল কৰিমে তেওঁৰ মাক আমেনা বিবিৰ কথামতে বাদসাই পাতি থোৱা চেপাসমূহৰ মাছ উঠাই লৈ যায় আৰু চেপাসমূহ ভাঙি পেলাই দিয়ে৷
এই সন্দৰ্ভত গাঁৱৰ মুখীয়ালৰ ওচৰত ন্যায় বিচাৰি দাবী জনায় বাদসাই৷ বাদসাৰ অভিযোগৰ ভিত্তিত গাঁৱৰ মুখীয়ালে মঙলবাৰে সন্ধিয়া এখন ৰাইজৰ মেল পাতি উল্লেখ্য ঘটনা সন্দৰ্ভত আলোচনা কৰি থকা অৱস্থাত হঠাৎ আব্দুল কৰিমে দলে-বলে আহি বাদসা আৰু তেওঁৰ পৰিয়ালৰ ওপৰত আক্ৰমণ চলায়৷ আক্ৰমণত বাদসা আঘাতপ্ৰাপ্ত হৈ হাটশিঙিমাৰী অসামৰিক চিকিৎসালত চিকিৎসাধীন হৈ আছে যদিও মূৰত গুৰুতৰ আঘাত হোৱাৰ বাবে গুৱাহাটীলৈ উন্নত পৰ্যায়ৰ চিকিৎসাৰ বাবে লৈ যোৱাৰ পৰামৰ্শ আগবঢ়াইছে চিকিৎসকে৷ উচিত বিচাৰ কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ৰাইজে।