অবৈধ বাংলাদেশী সমস্যাটো নেতাসকলৰ ৰাজনৈতিক মুনাফা আদায়ৰ আহিলাহে মাত্ৰঃ বলেন বৈশ্য

 09/05/2019 - 17:10

নলবাৰীঃ বৃহস্পতিবাৰে হিন্দু যুৱ ছাত্ৰ পৰিষদ নলবাৰী সমিতিয়ে এন আৰ চি ৰ সন্দৰ্ভত নলবাৰী প্ৰেছ ক্লাৱত এখন সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদ মেলত হিন্দু যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সভাপতি বলেন বৈশ্যই এন আৰ চি ৰ ওপৰত মন্তব্য কৰি কয় যে বাংলাদেশৰ অবৈধ বিদেশী সমস্যা কেৱল ৰাজনৈতিক নেতা সকলৰ মুনাফা আদায়ৰ আহিলা হে মাত্ৰ, সদিচ্ছা তিলমানো নাই। এই কথা স্পষ্ট কৰিছে বাংলাদেশৰ গৃহমন্ত্ৰী আছাদুজ্জামান খান কালামৰ মন্তব্যই বুলি মত পোষণ কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে। বিগত চল্লিশ বছৰে অবৈধ বাংলাদেশী সমস্যাৰ বাবে বহুতো আন্দোলন অসমত চলিল, বহু নেতা মুখ্যমন্ত্ৰী, মন্ত্ৰী বিধায়ক আৰু সাংসদ হ'ল। কিন্তু এই সমস্যাটো সমাধানৰ বাবে তিলমানো সদিচ্ছা প্ৰদৰ্শন কৰা দেখা নগ'ল।

বাংলাদেশ চৰকাৰে সময়ে সময়ে এই কথা উল্লেখ কৰি আহিছে যে অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক বাংলাদেশে গ্ৰহণ কৰাৰ বিষয়ত আজি পৰ্যন্ত ভাৰত চৰকাৰে এলানিও আলোচনা কৰা নাই। অবৈধ বাংলাদেশী সমস্যাৰ ওপৰত ভেজা দি দুবাৰকৈ মুখ্যমন্ত্ৰী হোৱা প্ৰফুল্ল কুমাৰ মহন্তই কেন্দ্ৰীয় চৰকাৰক এবাৰলৈ নকলে যে বাংলাদেশৰ লগত অবৈধ বিদেশী প্ৰত্যাৰ্পণ সম্পৰ্কে এখন আলোচনা হব লাগে। অসমৰ পৰা ১৪ জনকৈ সাংসদ লোক সভালৈ নিৰ্বাচিত হৈ গৈ এবাৰলৈ সংসদৰ মজিয়াত বাংলাদেশ চৰকাৰৰ লগত বিদেশী প্ৰত্যাৰ্পণৰ বিষয়টো আলোচনা কৰিব লাগে বুলি বক্তব্য নাৰাখিলে বুলিও পৰিষদৰ নেতা গৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে। সংবাদ মেলত বৰ্তমানৰ এন আৰ চি ৰ পৰা বাদ পৰা ১৯,০৬,৬৫৭ জনৰ প্ৰায় ১৪/১৫ লাখ অবৈধ বাংলাদেশী আৰু তেওঁলোকক বাংলাদেশলৈ উভতাই পঠিওৱা হব বুলি অসম চৰকাৰৰ আটাইতকৈ শক্তিশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ উত্তৰত আচ্ছাদুজ্জামান খান কালামে ১৯৭১ চনৰ পিছত এজনো লোক ভাৰতলৈ অহা নাই আৰু যদি আহিছে তেওঁলোকৰ উপযুক্ত প্ৰমান দিয়াৰ পিছতহে গ্ৰহণৰ বিষয় আলোচনা কৰা হ’ব প্ৰকাশ কৰাৰ আলামত অসম চৰকাৰৰ এই ক্ষেত্ৰত আঁচনি কি বুলিও বৈশ্যই প্ৰশ্ন উত্থাপন কৰে।

প্ৰসংগক্ৰমে সভাপতি গৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে অন্যতো বাদেই বাংলাদেশী বিদেশী সমস্যাৰ বাবে জাতীয় নায়ক উপাধি পোৱা আৰু জাতি মাটি ৰক্ষাৰ শ্ল’গানদি বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সন্মুখত ৰাখি ২০১৮ চনৰ ৮ মাৰ্চত অসম ভ্ৰমণত অহা বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদে অসমৰ মাটিত থিয় হৈ অসমত এজনো অবৈধ বিদেশী নাই বুলি মন্তব্য দিয়াৰ সময়তো মৌণ হৈ সমৰ্থন কৰা নেতাই নিজৰ দুমুখীয়া স্থিতি প্ৰমাণিত কৰা বুলি ও কটাক্ষ কৰে। এওঁলোকে ভোট পাবলৈ অবৈধ বিদেশীয়ে আমাৰ অস্তিত্ব বিপন্ন কৰা বুলি আৱেগিক কৰি ৰাজপাট দখল কৰে। আৰু গাদী বচাবলৈ এজনো বিদেশী নাই বুলি কোৱা মন্তব্যকো সমৰ্থন কৰে। হিন্দু যুৱ ছাত্ৰ পৰিষদে আজিও ১৫১ চন অবৈধ বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ দাবীত অটল হৈ আছে আৰু অসম তথা ভাৰত চৰকাৰৰ চিনাক্ত হোৱা বিদেশীক উভতাই লোৱাৰ বাবে বাংলাদেশৰ লগত দ্বিপাক্ষিক চুক্তিৰ দাবী উত্থাপন কৰিছে বুলিও সংগঠনটোৰ সভাপতি গৰাকীয়ে কয়। সংবাদ মেলত নেতাগৰাকীয়ে অসম চৰকাৰে চিনাক্ত হোৱা বিদেশীক কেনেকৈ খেদিব তাৰ ৰূপৰেখা ৰাজহুৱা কৰাৰো দাবী জনাই।

যদিহে চৰকাৰৰ ওচৰত এনে কোনো ৰূপৰেখা নাই তেনে সংগঠনটোৱে চৰকাৰো পূৰ্বৰ চৰকাৰৰ দৰে কেৱল ৰাজপাটৰ বাবেহে বিদেশী সমস্যাটোক টানি লৈ ফুৰিছে বুলি বুজিবলৈ বাধ্য হব মন্তব্য কৰে পৰিষদৰ নেতা গৰাকীয়ে। আজিৰ এই সংবাদ মেলত অসমৰ হিন্দু যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দীপাংকৰ গোহাঁই, বিত্ত সম্পাদক বিকাশ বৰদলৈৰ লগতে নলবাৰী জিলা সমিতিৰ সভাপতি দিলিপ মজুমদাৰ সম্পাদক ডিম্বেশ্বৰ কলিতা প্ৰমুখ্যে কেইবাজনো নেতা উপস্থিত থকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।