গোগামুখঃ ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাই। অভিযোগ অনুসৰি গোগামুখ গাঁও পঞ্চায়তৰ হিতাধিকাৰীয়ে কচুতলী পঞ্চায়তৰ হিতাধিকাৰীক বঞ্চিত কৰি ভুৱা প্ৰমাণেৰে প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাৰ ধন আত্মসাৎ কৰে। গোগামুখ পঞ্চায়তৰ নিবাসী দীপক বৰা আৰু তেওঁৰ ভাই বোৱাৰী প্ৰতিমা বৰাৰ নামত কচুতলী পঞ্চায়তৰ পৰা জালিয়াতিৰে দুখীয়াৰ বাবে অহা ধন হৰলুকি কৰি ভাৰাঘৰ নিৰ্মাণ কৰি আছিল। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ মুঠ ১লাখ ৩০ হাজাৰ টকাৰ ৩২৫০০ কৈ প্ৰথম কিস্তিৰ ধন আদায় কৰি ভাৰাঘৰ নিৰ্মাণ কৰি আছে।
সমগ্ৰ বিষয়টোৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুসূচীত জাতি ছাত্ৰ সন্থাৰ গোগামুখ আঞ্চলিক সমিতিয়ে কচুতলি পঞ্চায়তৰ GPC ইন্দ্ৰাৰাণী ফুকন, GRS নাৰায়ণ গগৈ, জে ই প্ৰিয়াংকী চেতিয়া, পঞ্চায়ত সভাপতি মহানন্দ দলেৰ ওপৰত গোগামুখ আৰক্ষী থানাত এজাৰ দাখিল কৰি গোচৰ ৰুজু কৰে। এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সভাপতি ডাঃ হৰিকান্ত দাসে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বৰদলনি উন্নয়ন খণ্ডত ব্যাপক হাৰত দুৰ্নীতিৰ পাহাৰ গঢ়ি উঠিছে আৰু ইতিমধ্যে তাৰে প্ৰমাণ হৈছে কচুতলি পঞ্চায়তত।
দুখীয়াৰ তেজ শুহি খাইছে এচাম ধুৰন্ধৰ ৰাইজৰ প্ৰতিনিধিয়ে, গোগামুখ পঞ্চায়তৰ হিতাধিকাৰী দীপক বৰা গোগামুখত এজন কোটিপতি মানুহ হিচাপে গোগামুখৰ ৰাইজে গম পায় আৰু গোগামুখত ৪২ বিঘা মাটিৰ মালিক দীপক বৰাৰ সা-সম্পত্তি অজস্ৰ থকাৰ স্বত্বেও দীপক বৰা আৰু তেওঁৰ ভাই বোৱাৰী প্ৰতিমা বৰাই দৰিদ্ৰ লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা বঞ্চিত কৰি কেনেকৈ এই যোজনাৰ পৰা ঘৰ পাইছে সেয়া ৰহস্যৰ আৱৰ্তত। তদুপৰি গোগামুখ পঞ্চায়তৰ লোকে অন্য পঞ্চায়তৰ পৰা কেনেকৈ এই যোজনাৰ অধিকাৰী হৈ ধন লাভ কৰিব পাৰে সেইয়া এই মুহূৰ্তত সন্দেহ হৈ পৰিছে।
এই সমগ্ৰ ঘটনাটোৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি তুলি কচুতলি পঞ্চায়ত আৰু গোগামুখ পঞ্চায়তত। এই যোজনাৰ জালিয়াতি কৰা এক দুষ্ট চক্ৰই ইতিমধ্যে দুৰ্নীতিৰ জাল পাতিছে য’ত পঞ্চায়তসমূহৰ সৰুৰ পৰা ডাঙৰৰ লৈকে সকলো বিষয়া জড়িত হৈ পৰিছে বুলি জনায় সংগঠনটোৱে। এনে দুষ্ট চক্ৰক প্ৰশাসনে তদন্তৰ আওতালৈ আনি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে। যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাই ৰাইজৰ লগত গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ’ম বুলি হুংকাৰ দিয়ে।