09/05/2019 - 17:39
in
তিনিচুকীয়াঃ তিনিচুকীয়াৰ ৰে’লৱে কলনীত মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উদ্ধাৰ হোৱা ব্যক্তিজন ৰেলৱে কৰ্মচাৰী মোহন ভেংকট ৰাও (৩৮) বুলি জানিব পৰা গৈছে৷ মৃত ব্যক্তিজন যোৱা ৩ ছেপ্টেম্বৰত নিৰুদ্দেশ হোৱা বুলি ব্যক্তিজনৰ পত্নীয়ে এজাহাৰ দাখিল কৰিছিল তিনিচুকীয়া সদৰ আৰক্ষী থানাত৷
নিজে থকা ৰেলৱে কোৱাটাৰৰ ওপৰত আজি অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো৷ ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীয়ে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে৷