বৰপেটাঃ সীমাহীন দুৰ্নীতি সংঘটিত হৈ আছে বৰপেটাৰ ভৱানীপুৰ উন্নয়ন খণ্ডত। উন্নয়ন খণ্ডৰ সভাপতিজনৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ। গুৰু গোসাঁই নমনা ভৱানীপুৰ উন্নয়ন খণ্ডৰ সভাপতি বিল্লাল হুছেইনে প্ৰতিটো আঁচনিতে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ উত্থাপিত অভিযোগ অনুসৰি পঞ্চম বিত্ত আয়োগৰ অধীনত প্ৰায় ১১ লাখ টকাৰ দমকল স্থাপনৰ এখন আঁচনি আবণ্টন দিয়া হৈছিল। কিন্তু সভাপতিজনে খণ্ড উন্নয়ন বিষয়াৰ অজ্ঞাতে মুকলি নিবিদা আহ্বান নকৰাকৈ নিজৰ পচন্দৰ ঠিকাদাৰক কামৰ দায়িত্ব দিয়ে৷
উল্লেখ্য যে খণ্ড উন্নয়ন বিভাগসমূহৰ যিকোনো চৰকাৰী আঁচনিৰ নিয়মমতে এক নিবিদা প্ৰক্ৰিয়া অনুষ্ঠিত হয়। কিন্তু ৰহস্যজনকভাবে সভাপতিজনে নিবিদা আহ্বান নকৰাকৈয়ে নিজৰ পছন্দৰ লোকক পকেট নিবিদা প্ৰদান কৰে। অতি তাৎপৰ্যপূৰ্ণভাবে উল্লেখ কৰিব লাগিব যে ২০১৫-১৬ চনৰ মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ টিনপাট, আঠুৱা, কম্বল আদি বিতৰণ নকৰি ভৱানীপুৰ উন্নয়ন খণ্ডৰ গুদামতে আৱদ্ধ কৰি ৰাখিছে সভাপতি বিল্লাল হুছেইনে। হিতাধিকাৰীৰ তালিকা ৰাজহুৱা নকৰাকৈ সভাপতিজনে নিজৰ পচন্দৰ ব্যক্তিক টিনপাত বিতৰণ কৰি থকা বুলি জানিব পৰা গৈছে৷
জানিব পৰা মতে টিনপাট বিতৰণৰ তালিকাত সভাপতিজনৰ নিজ মাতৃৰ নাম সংযোজন কৰি টিনপাত লাভ কৰিছে। এক বিশেষ সুত্ৰৰ পৰা জানিব পৰা মতে পঞ্চম বিত্ত আয়োগৰ দমকলসমূহ ভৱানীপুৰ উন্নয়ন খণ্ডৰ গুদামত মজুত নকৰি সভাপতিজনৰ নিজ গৃহত মজুত কৰি ৰাখিছে৷ কিহৰ স্বাৰ্থত ভৱানীপুৰ উন্নয়ন খণ্ডৰ সভাপতিজনে দমকলসমূহ নিজ গৃহত মজুত কৰি ৰাখিছে সেয়া ৰহস্যৰ আৱৰ্তত। খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে সভাপতিজনৰ এনে কাণ্ডক নাকী লগাব নোৱাৰাক লৈ সহজভাবে মানি ল’ব পৰা নাই সচেতন ৰাইজে।